নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া তিনিখন একদিনীয়া মেচৰ শৃংখলাত অসমৰ ক্ৰিকেটাৰ উমা চেত্ৰী ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে। নিয়মিত উইকেট-কীপাৰ ৰিচা ঘোষ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে দলৰ পৰা আঁতৰি থাকিব, যাৰ ফলত উমাই উইকেট-কীপাৰৰ ভূমিকা পালন কৰিব। এতিয়ালৈকে চাৰিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা উমাৰ বাবে এই এক বিশেষ সুযোগ।
উমা চেত্ৰীৰ এই সফলতাই অসমৰ ক্ৰিকেটপ্ৰেমী আৰু বোকাখাতৰ বাসিন্দাক উৎফুল্লিত কৰিছে।