আগন্তুক ১২ ঘণ্টাত বংগোপসাগৰৰ দক্ষিণত এটি ঘূৰ্ণি বতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত সোমবাৰৰ পৰা অহা চাৰিদিনত তিনিখন ৰাজ্যত বৰষুণৰ সম্ভাৱনা থাকিব। বতৰ বিজ্ঞান বিভাগে পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ বাবে ঘন কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ ভাৰতৰ বতৰত উল্লেখযোগ্য পৰিৱৰ্তনৰ কোনো সম্ভাৱনা নাই, যদিও সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকৰ তুলনাত ১-২ ডিগ্ৰী বেছি হোৱাৰ সম্ভাৱনা আছে। একে সময়তে, পঞ্জাৱৰ পৰা ছত্তীশগড়লৈকে সৰ্বোচ্চ তাপমাত্ৰা ৩-৪ ডিগ্ৰী বেছি হ’ব পাৰে। অসমত অহা চাৰিদিনলৈ কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাই বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে।
আগন্তুক ১২ ঘণ্টাত বংগোপসাগৰৰ দক্ষিণত সৃষ্টি হ’ব ঘূৰ্ণি বতাহ – অহা চাৰিদিনত তিনিখন ৰাজ্যত বৰষুণৰ সম্ভাৱনা!
byEditorial Desk
-
0