কানাডাৰ হিন্দু মন্দিৰত খালিস্তানী সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : Khalisthani Terror attack in Hindu Temple



কানাডাৰ ব্ৰাম্পটনস্থিত হিন্দু মন্দিৰত খালিস্তানী সমৰ্থকৰ দ্বাৰা সংঘটিত ভয়ংকৰ আক্ৰমণৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। জাষ্টিন ট্ৰুডুৰ নেতৃত্বাধীন কানাডা চৰকাৰে খালিস্তানী বিদ্ৰোহীসকলক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন দি অহা অভিযোগৰ মাজতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। মন্দিৰত চলি থকা এখন সভাৰ মাজতে খালিস্তানী সমৰ্থকে মন্দিৰটোত প্ৰৱেশ কৰে, হাতে খালিস্তানী পতাকা লৈ আৰু মুখত ভাৰত বিৰোধী শ্ল’গান। সমৰ্থকসকলে মন্দিৰৰ পৰিসৰত থকা হিন্দুসকলৰ ওপৰত হকী ষ্টিক আৰু তৰোৱাল লৈ আক্ৰমণ কৰে, য’ত মহিলাসকল আৰু শিশুসকলোৰ ওপৰত আঘাত পৰে।

এই ঘটনাই কানাডা-ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ সংকটক অধিক গভীৰতালৈ লৈ গৈছে। ইতিমধ্যে ভাৰত আৰু কানাডাৰ মাজত খালিস্তানী বিদ্ৰোহৰ বাবে উত্তেজনা বৰ্ধিত হৈ আছিল। কানাডাৰ হিন্দু সাংসদ চন্দ্ৰ আৰ্যে এই আক্ৰমণৰ ঘটনাক গৰিহণা দি কয় যে "খালিস্তানী উগ্ৰপন্থীয়ে সকলো সীমা অতিক্ৰম কৰিছে, আৰু জাষ্টিন ট্ৰুডু চৰকাৰে হিন্দুসকলক সুৰক্ষা দিবলৈ ব্যৰ্থ হৈছে।" কূটনীতিবিদৰ লগতে কানাডাৰ সাধাৰণ জনতাইও কানাডা চৰকাৰৰ দ্বিমুখী নীতিৰ সমালোচনা কৰিছে, যাৰ ফলত হিন্দুসকলৰ সুৰক্ষাৰ প্ৰশ্ন জাগিছে।

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال