মহিলাৰ সুৰক্ষাৰ স্বাৰ্থত দৰ্জী আৰু জীম কেন্দ্ৰত বিশেষ পৰামৰ্শ উত্তৰ প্ৰদেশ মহিলা আয়োগৰ


মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ উত্তৰ প্ৰদেশৰ মহিলা আয়োগে দৰ্জী, জীম, আৰু যোগাসন কেন্দ্ৰৰ বাবে কেইবাটাও বিশেষ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ অন্তৰ্ভুক্ত মহিলাৰ পোছাকৰ জোখ লোৱাৰ কামত পুৰুষ দৰ্জীক নিষেধ কৰা আৰু জীম কেন্দ্ৰত মহিলা প্ৰশিক্ষক নিযুক্তি কৰাৰ দৰে গুৰুত্বপূৰ্ণ পৰামৰ্শ।

মহিলাৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে হ’ব লগা নিৰ্যাতন ৰোধৰ বাবে মহিলা আয়োগে ৰাইজৰ মাজত জনসচেতনতা বঢ়োৱা প্ৰয়াস চলাইছে। ৰাজহুৱা আৰু বাণিজ্যিক স্থানত মহিলাৰ সুৰক্ষাৰ বাবে চি চি টিভি কেমেৰা স্থাপন, মহিলা নিৰাপত্তাৰক্ষীক নিযুক্তি কৰাৰো পৰামৰ্শ দিছে আয়োগে। যোৱা ২৮ অক্টোবৰত অনুষ্ঠিত বৈঠকত এই পৰামৰ্শসমূহ স্থিৰ কৰা হয়। যদি চৰকাৰে এই পৰামৰ্শবোৰ মানি চলাৰ ব্যৱস্থা কৰে, তেন্তে ৰাজ্যখনত মহিলাৰ সুৰক্ষা নিশ্চিত হ’ব বুলি আশা কৰা হৈছে।

দেশৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসমতো ধিং কাণ্ডৰ দৰে কেইবাটাও ঘটনা সংঘটিত হৈছে যি মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ মহিলা আয়োগৰ এই পদক্ষেপক ইতিবাচক দিশ বুলি ধৰা হৈছে। চৰকাৰে এই পৰামৰ্শক কেনেদৰে গ্ৰহণ কৰে, সেইয়া লক্ষ্যনীয় হ’ব।

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال