![]() |
Ind vs Pak |
Team India in World Class tournament: হংকঙত নৱেম্বৰত অনুষ্ঠিত হ’ব ৫ অ’ভাৰৰ ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ ল’ব বিশ্বৰ ১২খন দেশে।এই প্ৰতিযোগিতাত প্ৰতিটো দলতে থাকিব ৬গৰাকীকৈ ক্ৰিকেটাৰ। এই প্ৰতিযোগিতাক ভাৰতীয় দলৰ ৭গৰাকী ক্ৰিকেটাৰে অংশ ল’ব।৭জনীয়া ভাৰতীয় দলৰ অধিনায়ক হিচাপে ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ সদস্য ৰবীন উথাপ্পাক দায়িত্ব নিৰ্বাচিত কৰা হৈছে।ভাৰতীয় দলত থাকিব শ্ৰীবৎস গোস্বামী, কেদাৰ যাদৱ, ভৰত চিপলি, ষ্টুয়াৰ্ট বিন্নী, মনোজ তিৱাৰী আৰু শ্বাহবাজ নাদীম।ঘোষণা হোৱা ভাৰতীয় দলৰ প্ৰতিগৰাকী ক্ৰিকেটাৰে ইতিমধ্য অৱসৰ গ্ৰহণ কৰিছে। ট্ৰফী জয়ৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰৰ ওপৰতে ভৰসা কৰিছে ভাৰতীয় দলে।