আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে এই প্ৰবঞ্চনাৰ আঁৰত আছে এটা ডাঙৰ ইণ্চাৰনেচনেল ৰেকেট। প্ৰতিবেদন অনুসৰি, মাষ্টাৰমাইণ্ডসকলে আমেৰিকা আৰু ইংলেণ্ডৰ পৰা চলাই আহিছে এই চাইবাৰ প্ৰবঞ্চনা।
ৱাটছএপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক। নভবা-নিচিন্তাকৈ ক্লিক নকৰিব ৱাটচএপত অহা সংগতিবিহীন লিংক। এজন ব্যক্তিয়ে ৱাটচএপত অহা লিংকত ক্লিক কৰি হেৰুৱালে ৪ কোটি টকা। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পৰামৰ্শৰে এটা লিংক আহিছিল ব্যক্তিগৰাকীৰ ৱাটচএপলৈ। তাতেই ভোল গৈ ব্যক্তিগৰাকীয়ে ক্লিক কৰিছিল লিংকটো। তাৰ পাছত নিমিষতে নোহোৱা হৈ পৰিল তেওঁৰ সাঁচতীয়া ধনৰাশি। এই ঘটনাৰ পাছতেই আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ব্যক্তিগৰাকী। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এনে চাইবাৰ প্ৰবঞ্চনাই এতিয়া ভীতিগ্ৰস্ত কৰি তুলিছে একাংশ ৱাটছএপ ব্যৱহাৰকাৰীক।