HomeDaily News দুঃসংবাদ! চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল ড’ৰেমনৰ কণ্ঠ! ড’ৰেমনৰ ডাবিং আৰ্টিষ্টৰ মৃত্যু byEditorial Desk -October 14, 2024 0 আপোনাৰ যদি ড’ৰেমন কাৰ্টুন ধাৰাবাহিকখন উপভোগ কৰে, তেন্তে সেই কণ্ঠগৰাকীৰ বিষয়ে জানিবলৈ উৎসাহী।কিন্তু ড’ৰেমনৰ দৰ্শকৰ বাবে এক দুখবৰ! চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল ড’ৰেমনৰ কণ্ঠস্বৰ। ড’ৰেমন ডাবিং শিল্পী নোবুয়ো ওয়ামাৰ দেহাৱসান।২০০৫ চনলৈকে প্ৰায় ২৫ বছৰ ধৰি ড’ৰেমনৰ চৰিত্ৰৰ কণ্ঠদান কৰিছিল নোবুয়ো ওয়ামাই। ড’ৰেমনৰ ২০০০তকৈ অধিক খণ্ড ডাবিং কৰিছিল নোবুয়ো ওয়ামাই।নোবুয়ো ওয়ামাৰ জন্ম হৈছিল ১৯৩৩ চনত। ১৯৬০ চনৰ পৰাই কেৰিয়াৰ আৰম্ভ কৰিছিল নোবুয়ো ওয়ামাই। প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁৰ কণ্ঠ শুনি ডাঙৰ হৈছিল।নিজ কণ্ঠৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰিছিল নোবুয়ো ওয়ামাই। জাপানত জনপ্ৰিয় হোৱাৰ পিছত নোবুয়ো ওয়ামাৰ কণ্ঠ বিশ্ব জনপ্ৰিয় হৈ পৰিছিল। Tags Daily News Lifestyle Facebook Twitter