অসম চৰকাৰে মাটিৰ খাজনা আগতকৈ দুগুণ হাৰত বাঢ়িবলৈ সাজু হৈছে। মিছন বসুন্ধৰা-3.0ৰ পাছত অসমত মাটিৰ খাজনাৰ নতুন পৰিসৰ প্ৰৱন্ধন কৰা হ’ব। নগৰ-মহানগৰৰ পৰা গাঁৱৰ জনসাধাৰণ পৰ্যন্ত এই সলনিৰ আঘাতৰ পৰা কোনো সাৰি নাযাব। বিশেষকৈ, নগৰাঞ্চলত থকা ঔদ্যোগিক মাটিৰ খাজনা যথেষ্ট বৃদ্ধি হ’ব বুলি ৰাজহ বিভাগে ঘোষণা কৰিছে। ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহনৰ নেতৃত্বত এই খাজনা বৃদ্ধি প্ৰকল্পৰ পৰিকল্পনা ইতিমধ্যেই সম্পূৰ্ণ হৈছে। বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটিৰ পট্টা আৰু গোচৰ নিস্পত্তি কৰাৰ পাছত মিছন বসুন্ধৰা-3.0ই এনে কঠোৰ খবৰ আনিছে।
অসম চৰকাৰে মাটিৰ খাজনা বৃদ্ধিৰ মাধ্যমেৰে ৰাজকোষৰ ঘাটতি পূৰণ কৰিবলৈ চেষ্টা কৰিছে। পৰীক্ষামূলকভাৱে প্ৰথমে নগৰাঞ্চলত খাজনা বৃদ্ধি কৰি পাছত গাঁওসমূহলৈ এই প্ৰকল্প সম্প্ৰসাৰিত কৰা হ’ব। চৰকাৰী মূল্যৰ ভিত্তিত মাটিৰ খাজনা নিৰ্ধাৰণ কৰা হ’ব আৰু বিভিন্ন এলেকাত পৃথক হাৰত মাটিৰ খাজনা ভৰিব লাগিব। যদিও এতিয়ালৈকে নতুন খাজনাৰ সঠিক শতাংশ প্ৰকাশ কৰা নাই, চৰকাৰে এতিয়া সকলো সম্পূৰ্ণৰূপে পৰিকল্পনা কৰি লৈছে।
জনসাধাৰণৰ মাজত ইতিমধ্যেই এই খাজনা বৃদ্ধিক লৈ বিস্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে .