এই খুনৰ চেষ্টা সংঘটিত হয় যেতিয়া বিকাশ ডেকাই হঠাতে গাড়ীৰ পৰা ছুৰী উলিয়াই যুৱতীগৰাকীৰ পেটত আঘাত কৰে। যুৱতীগৰাকীৰ আকস্মিক আক্ৰমণত নিজকে ৰক্ষা কৰিবলৈ সময়ই নাছিল। স্থানীয় লোকে ততালিকে ঘটনা স্থানত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰু পৰিয়ালক খবৰ দিয়ে। অতি সংকটজনক অৱস্থাত যুৱতীগৰাকীক হাতীগাঁও আৰক্ষীৰ সহায়ত GMCHলৈ প্ৰেৰণ কৰা হয়।
যুৱতীগৰাকীৰ ঘৰ ঢেকিয়াজুলিত, আৰু তেওঁ কিছুদিন পূৰ্বে বিকাশৰ সৈতে সম্পৰ্ক শেষ কৰিছিল, যাক বিকাশ ডেকাই সহ্য কৰিব পৰা নাছিল। বিকাশে এই সম্পৰ্কৰ অন্ত পৰাৰ পিছৰ পৰা ফোনযোগে প্ৰায়েই যুৱতীগৰাকীক ভাবুকি দিছিল। বিকাশ ডেকাৰ ঘৰ বাইহাটা চাৰিআলিত।