মুহূৰ্ততেই শেষ হ'ল অসম আৰক্ষীৰ দুই জোৱানৰ জীৱন। নিশা কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাছ পথত এক ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় দুজন জোৱান। বালি কঢ়িওৱা এক ট্ৰাকত বাইকেৰে খুন্দা মাৰিলে ঘটনাস্থলীতেই তেওঁলোকৰ মৃত্যু ঘটে। নিহত দুই জোৱান হৈছে ৰাজীৱ বৰ্মন আৰু বুধন বৰ্মন, যিয়ে 15 APBNৰ সদস্য আছিল।
AS 10 6464 নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকখন মাণিকপাৰা এলেকাত অবৈধভাৱে পাৰ্কিং কৰা অৱস্থাত আছিল আৰু ইয়াত কোনো পাৰ্কিং লাইট জ্বলাই থোৱা নাছিল। AS 01E 4042 নম্বৰৰ ৰয়েল এনফিল্ড বাইকত দুয়োগৰাকী আৰক্ষী জোৱান আহিছিল। মাণিকপাৰা এলেকাত ৰৈ থকা ট্ৰাকখনৰ পাছফালে তেওঁলোকৰ বাইকখন প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত দুজনেই ঘটনাস্থলীত মৃত্যুমুখত পৰে। মৃত্যু হোৱা ৰাজীৱ বৰ্মন কৰিমগঞ্জৰ খিলৰবন্দ এলেকাৰ বাসিন্দা আৰু বুধন বৰ্মনৰ ঘৰ দুৰ্লভচেৰা অঞ্চলত।