![]() |
Train-Accident-in-Dima-Hasao,-7-Coaches-of-Agartala-Mumbai-Lokmanya-Tilak-Express-Derail |
ডিমা হাছাও জিলাৰ দিবালং ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। আগৰতলা-মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছৰ (১২৫২০) ইঞ্জিনসহ মুঠ ৭টা ডবা লাইনচ্যুত হৈছে। দুৰ্ঘটনাটো বিয়লি প্ৰায় ৪:২০ বজাত সংঘটিত হয়, যাৰ ফলত ৰে’ল পৰিবহনত ব্যাপক বিঘ্ন দেখা দিছে। দিবালং ক্ৰছিং পইণ্টত সংঘটিত এই দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে, আৰু এজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
এই দুৰ্ঘটনাৰ ফলত চাব্ৰুম-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ (১৩১৭৪) মাইবঙত ৰখাবলগীয়া হৈছে আৰু দুৰ্লভচেৰা-গুৱাহাটী ৰে’ল (১৫৬১৮) নিউ হাফলঙত আবদ্ধ হৈ পৰিছে। উল্লেখ্য, ডিমা হাছাওৰ অন্তৰ্গত লামডিং ডিভিজনত সংঘটিত এই ৰে’ল দুৰ্ঘটনাই স্থানীয় যাতায়ত ব্যৱস্থাত যথেষ্ট অসুবিধা জন্মাইছে।