উদ্যোগজগতৰ মহীৰূহ ৰতন টাটাৰ দেহাৱসান

উদ্যোগজগতৰ মহীৰূহ ৰতন টাটাৰ দেহাৱসান, শোক প্ৰকাশ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা ক্ৰীড়া-সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিগৰাকী ব্যক্তিৰ

 


উদ্যোগজগতৰ বিশিষ্ট ব্যক্তি ৰতন টাটাৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী সহ বিভিন্ন খ্যাতিমান ব্যক্তিয়ে। উৎসৱৰ আনন্দৰ মাজত দেশবাসীৰ বাবে এই দুখবৰ। ৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিলে ৰতন টাটা। 

ৰাজনৈতিক আৰু উদ্যোগিক ক্ষেত্ৰৰ নেতাসকলৰ পৰা শোকবাণী আহিছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, আৰু মুকেশ আম্বানীয়ে টাটাৰ মৃত্যুতে গভীৰ শোক প্ৰকাশ কৰিছে। মুকেশ আম্বানীয়ে মন্তব্য কৰে, "টাটাৰ মৃত্যুৰ দিনটো ভাৰতবাসীৰ বাবে এক অত্যন্ত দুখৰ দিন। তেওঁৰ বিয়োগ কেৱল টাটা গ্ৰুপৰ ক্ষতি নহয়, ই প্ৰতিজন ভাৰতীয়ৰ বাবে এক বৃহৎ ক্ষতি। ৰতন টাটা আছিল এজন দূৰদৰ্শী উদ্যোগপতি আৰু মহান দানবীৰ।"

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال