বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলমান ব্যক্তিৰ তালিকাত পুনৰ স্থান লাভ মৌলানা বদৰুদ্দিন আজমলৰ।

Maulana Badaruddin Ajmal
মৌলানা বদৰুদ্দিন আজমলৰ নাম বিশ্বৰ প্ৰভাৱশালী মুছলিমৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত আজমল CSRৰ কৰ্মকৰ্তাসকলৰ মাজত উৎফুল্লতা। পুনৰ বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলমান ব্যক্তিৰ তালিকাত স্থান লাভ কৰিলে মৌলানা বদৰুদ্দিন আজমলে। এই তালিকাত ভাৰতৰ ২৫ গৰাকী ব্যক্তিয়ে স্থান লাভ কৰিছে, যাৰ ভিতৰত আজিম প্ৰেমজীৰ লগতে আজমলৰ নামো অন্তৰ্ভুক্ত হৈছে।

উত্তৰ-পূৱৰ একমাত্ৰ প্ৰতিনিধি হিচাপে মৌলানা বদৰুদ্দিন আজমলৰ নাম উজলি উঠাত আজমল CSRৰ কৰ্মীবৰ্গৰ মাজত আনন্দৰ জোৱাৰ। শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডত হোজাইৰ পৰা আন্তৰ্জাতিক পৰিসৰত সফলতা লাভ কৰি মৌলানা বদৰুদ্দিন আজমল দ্য ৱৰ্ল্ড’ছ ৫০০ মষ্ট ইনফ্লুৱেঞ্চিয়েল মুছলিম ২০২৫ত ১৮৬ সংখ্যক স্থান দখল কৰিছে। শিক্ষা, দাতব্য সেৱা, মহিলা মহাবিদ্যালয় আৰু অনাথ শিশুসকলৰ বাবে আগবঢ়োৱা সহায়ৰ ফলত আজমলৰ নাম দ্য ৱৰ্ল্ড’ছ ৫০০ মষ্ট ইনফ্লুৱেঞ্চিয়েল মুছলিম আলোচনীত সন্মানিত হৈছে।

আজমলে পূব এছিয়াৰ বৃহত্তম গ্ৰাম্য চিকিৎসালয় হাম হাস্পতাল স্থাপন কৰিছে আৰু ৰাজ্যত চাৰিখন দাতব্য চিকিৎসালয় মুকলি কৰি এতিয়ালৈকে প্ৰায় ৭৫ কোটি টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনৰ কৰ্মই মহত্ত্ব বঢ়াইছে, যাৰ ভিতৰত মৰিয়ম আজমল অ’মেনছ কলেজ অব ছায়েন্স এণ্ড টেকন’লজীৰ স্থাপনা উল্লেখযোগ্য। ৰাজ্যত এশৰো অধিক শৈক্ষিক প্ৰতিষ্ঠান, আইন মহাবিদ্যালয় আৰু আজমল ছুপাৰ ৪০ নামৰ কোচিং চেণ্টাৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা আৰু চাকৰিৰ সুযোগ প্ৰদান কৰা হৈছে।

মৌলানা বদৰুদ্দিন আজমলক ৫০০ প্ৰভাৱশালী মুছলিমৰ তালিকাত পুনৰ স্থান লাভ কৰাত আজমল পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে উৎফুল্ল হৈ অভিনন্দন জনাইছে।

Ashim Das

Editor of Howly Digital Media network

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال