ৰে’ল যাত্ৰাৰ নিয়মত বৃহৎ পৰিৱর্তন! ১ নৱেম্বৰ ২০২৪ৰ পৰা ৰে’লৰ এডভাঞ্চ ৰিজাৰ্ভেচন বুকিঙৰ সময় ১২০ দিনৰ পৰা হ্ৰাস কৰি ৬০ দিন কৰা হৈছে। এই নতুন নিয়মৰ অধীনত, যাত্ৰীসকলে এতিয়া টিকট বুকিং কৰিবলৈ তিনি মাহ পলম নকৰাকৈ মাত্ৰ দুমাহ আগতেই বুকিং কৰিব পাৰিব। যদিও, ৩১ অক্টোবৰলৈকে পূৰ্বৰ নিয়ম অনুসৰিয়েই যাত্ৰীসকলে টিকট বুকিং কৰি, বাতিল কৰাৰ সুবিধা পাব।
এই হ্ৰাসক বহুতে ইতিবাচক পৰিৱর্তন বুলি অভিহিত কৰিছে। বিশেষকৈ, দিনত চলা এক্সপ্ৰেছ ৰে’লসমূহৰ ক্ষেত্ৰত এই নতুন সময়সীমা প্ৰযোজ্য নহ’ব। যাত্ৰীসকলে আগতকৈ সহজভাৱে টিকট বুকিং কৰিব পাৰিব বুলি আশা কৰা হৈছে।