এতিয়া চলি আছে ২০২৪ চন কিন্তু এইখন দেশত এতিয়াও ২০১৭ চলি আছে, সময় যেন থমকি ৰৈছে! কিয়?

সমগ্ৰ পৃথিৱীয়ে ২০২৪ চন উদযাপন কৰি থাকোতে ইথিওপিয়াত এতিয়াও ২০১৭ চনেই চলি আছে। আপুনি হয়তো টাইম ট্ৰেভেলৰ গল্প চিনেমাতহে শুনিছে, কিন্তু ইথিওপিয়াত সেইটো বাস্তৱ। ইথিওপিয়া এখন এমন দেশ, য’ত পৃথিৱীৰ সকলো দেশৰ তুলনাত সময় সাত বছৰ পিছ পৰি আছে। আন দেশৰ দৰে ১২ মাহৰ বদলে, ইথিওপিয়াৰ কেলেণ্ডাৰত ১৩ টা মাহ থাকে। তাত শেষৰ মাহটো ‘পাইগুম’ নামেৰে জনা যায়, যি মাথো ৫ বা ৬ দিনৰ এক সৰু মাহ। ইয়াত ২০০৭ চনৰ ১১ ছেপ্টেম্বৰত শেষৰবাৰৰ দৰে নতুন শতিকা উদযাপন কৰা হৈছিল। ইথিওপিয়া ইয়াৰ প্ৰাচীন কেলেণ্ডাৰ মতে কাম কৰে, যি ৫২৫ খৃষ্টাব্দত ৰোমান চাৰ্চৰ দ্বাৰা সংশোধিত হৈছিল। পৃথিৱীৰ বেছিভাগে গ্ৰেগৰিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰাতো ইথিওপিয়াই নিজৰ কেলেণ্ডাৰ মানি চলে। এই বৈশিষ্ট্যৰ বাবে ইথিওপিয়াত বিশেষ বন্ধৰ দিনবোৰ বাকী পৃথিৱীৰ পৰা সম্পূৰ্ণ পৃথক।

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال