শিৱসাগৰ জিলাৰ নাজিৰাৰ দিখৌ দলংত আজি এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। এগৰাকী মহিলাই নিজৰ কণমানি সন্তানক বুকুত বান্ধি দিখৌ নদীত জাপ দিয়ে। ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়াত, আৰক্ষী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দলঙৰ ওপৰত আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী মহিলাৰ দুখন চেণ্ডেল, এটা বেগ, আৰু এটা টোকা।
স্থানীয় ৰাজহুৱা দুৰ্যোগ প্ৰশমন বিভাগৰ সহযোগত উদ্ধাৰ অভিযান চলি থাকে। কিছু সময়ৰ পাছত স্থানীয় দুজন যুৱকে নদীত উটি অহা অৱস্থাত মহিলাগৰাকীৰ লগতে কণমানি শিশুটিৰ নিথৰ দেহ উদ্ধাৰ কৰে। পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছত জানিব পৰা যায় যে মৃত মহিলাগৰাকী নাজিৰাৰ ১০নং ৱাৰ্ডৰ বাসিন্দা স্বপন বৰগোহাঁইৰ পত্নী পল্লৱী গগৈ গোহাঁই আৰু কণমানিটি তেওঁলোকৰ পুত্ৰ। মৰণোত্তৰ পৰীক্ষাৰ বাবে মহিলাগৰাকীৰ লগতে শিশুটিৰ মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
প্ৰাপ্ত টোকাটোত উল্লেখ আছে যে পৰিয়ালৰ মাজত চলি থকা অশান্তিৰ বাবে এই চূড়ান্ত সিদ্ধান্ত ল’বলগীয়া হয়, যদিও সমগ্ৰ ঘটনাৰ পূৰ্ণ তথ্য আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।