‘‘অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে'' বাগেশ্বৰ ধামৰ মহাৰাজ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী : Baba Bageshwar

বাগেশ্বৰ ধামৰ মহাৰাজ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী

গুৱাহাটীলৈ দ্বিতীয়বাৰৰ বাবে উপস্থিত হ'ল বাগেশ্বৰ ধামৰ মহাৰাজ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী, যিয়ে এইবাৰো মা কামাখ্যা ধামত উপস্থিত হৈ সৰ্বপ্ৰথমে মা কামাখ্যাৰ আশীৰ্বাদ ল'লে। আধ্যাত্মিক গুৰুগৰাকীয়ে অসমত সনাতন ধৰ্মৰ শক্তি একত্ৰিত কৰাৰ সংকল্প জনাইছে আৰু অসমত সনাতন ধৰ্মক ধ্বংস কৰিবলৈ আগবাঢ়ি থকা সকলৰ প্ৰতি কঠোৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। তেওঁ নিজে পদযাত্ৰা আয়োজন কৰি অসমত সনাতন ধৰ্মৰ প্ৰচাৰ আৰু একতা আনিব বুলি সদৰি কৰিছে। আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি শাস্ত্ৰীজীয়ে কৈছে, "অসমৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মা যেন এক আশীৰ্বাদ, তেওঁ মোৰ ভাতৃৰ দৰে।" তেওঁ কয়, ‘‘অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আৰু সকলোৰে বাবে আইন সমান হ’ব লাগিব। হিন্দু লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ ষড়যন্ত্ৰ চলিছে।” সংবাদ মাধ্যমৰ আগত মহাৰাজে জনায় যে অসমলৈ আকৌ আহি পদযাত্ৰাৰে সনাতনী লোকৰ মাজত একতা সৃষ্টি কৰিব। বাগেশ্বৰ ধামৰ মহাৰাজ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক মা কামাখ্যা ধামত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংগ দিয়ে।

Bagheshwar Dham’s Maharaj Dhirendra Krishna Shastri arrived in Guwahati for the second time, visiting Maa Kamakhya Temple to seek blessings. The spiritual leader emphasized his mission to strengthen Sanatan Dharma in Assam, issuing a strong warning against those attempting to undermine it. Shastri announced plans for a padayatra (pilgrimage march) to bring unity among followers of Sanatan Dharma in Assam. Praising Chief Minister Dr. Himanta Biswa Sarma, he remarked, “Assam is blessed to have a leader like Dr. Sarma; he is like a brother to me.” He expressed concerns over the growing Muslim population in Assam, stating that “laws should be equal for everyone” and cautioning against the conversion of Hindus to Christianity. He assured that he would return to Assam soon to unify the Hindu community through padayatra. Shastri was accompanied at Maa Kamakhya Temple by Assam’s Minister Jayanta Mallah Baruah, who welcomed him warmly.

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال