সলনি হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকতৰ পদ্ধতি, নিৰ্দেশনা জাৰি কৰিলে বিদ্যালয় শিক্ষা বোৰ্ডে

Ranoj Pegu
থিয়’ৰীৰ মুঠ নম্বৰৰ ৫০% হ’ব MCQৰ ওপৰত ভিত্তি কৰি। বাকি ৫০% অন্তর্ভুক্ত কৰিব অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন। ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষাত এই নতুন নিয়মৰ অধীনেই হ’ব। বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব, য’ত ৭০ নম্বৰৰ পৰীক্ষাৰ মুঠ ৩৫ নম্বৰ হ’ব বিকল্প প্ৰশ্ন আৰু বাকি ৩৫ নম্বৰ অতি চুটি, চুটি আৰু দীঘল প্ৰশ্নৰ পৰা আহিব। গণিতৰ ক্ষেত্ৰত, ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰ MCQৰ আৰু বাকি ৫০% চুটি, অতি চুটি আৰু দীঘল প্ৰশ্নৰ পৰা হ’ব। কলা শাখাৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানত ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰ বিকল্প প্ৰশ্নৰ থাকিব, আন ৪০ নম্বৰত চুটি, অতি চুটি আৰু দীঘল প্ৰশ্ন অন্তৰ্ভুক্ত হ’ব। শিক্ষা, তৰ্ক আৰু দৰ্শনশাস্ত্ৰৰ ক্ষেত্ৰত ৫০ নম্বৰৰ বিকল্প প্ৰশ্ন থাকিব, আৰু বাকি ৫০ নম্বৰত চুটি, অতি চুটি আৰু দীঘল প্ৰশ্ন থাকিব। বাণিজ্য শাখাৰ ব্যৱসায়িক অধ্যয়ন, একাউণ্টেন্সী আৰু ফাইনেন্সৰ থিয়’ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰ বিকল্প প্ৰশ্নৰ ওপৰত ভিত্তি কৰি থাকিব, আৰু বাকি ৪০ নম্বৰত চুটি, অতি চুটি আৰু দীঘল প্ৰশ্ন অন্তৰ্ভুক্ত হ’ব।

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال